অসমৰ কৃষি আৰু ডাকৰ বচন আধুনিক কৃষি ব্যৱস্থা, কাৰিকৰী কৌশল আদিৰ প্ৰসাৰ আৰু প্ৰচলনৰ বাবে উপলব্ধ ্সা-সুবিধাসমূহ অবিহনে, অতীজত মুখে মুখে চলি অহা নীতি বাক্য স্বৰুপ ডাকৰ বচন আৰু নানা ফকৰা যোজনা জাতীয় প্ৰবাদ আদিৰ দ্বাৰাই কৃষি কাৰ্য পৰিচালিত হৈছিল। এনে প্ৰবাদসমূহৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বাবে এইবোৰৰ প্ৰয়োগ আৰু প্ৰসাৰ বৰ্তমানেও প্ৰয়োজনীয়। খেতিয়কক কৃষি কৌশল আদি বোধগম্য হোৱাকৈ বুজাবলৈ ডাকৰ বচন, ফকৰা যোজনা আদিৰ সহায় ললে ‘কৃষি সম্প্ৰসাৰণ’ ব্যৱস্থা বেছি ফলপ্ৰসূ হ’ব বুলি বিশ্বাস হয়। কৃষি ভিত্তিক ডাকৰ বচনবোৰ ফঁহিয়াই চালে দেখা যায় যে, এইবোৰত যথেষ্ট বিজ্ঞাবসন্মত তথ্য সন্নিবিষ্ট হৈ আছে। অসমত ডাকৰ জন্মস্থান বৰপেটাৰ দক্ষিণে লোহিতডঙৰা গাঁওতেই ডাকৰ জন্ম হোৱা বুলি কয়- লোহিতডঙৰা ডাকৰ গাঁও। তিনিশ ষাঠি পুখুৰীৰ নাও। অসমত প্ৰচলিত কৃষি বিষয়ক ডাকৰ বচনবোৰ কৃষি-কাৰ্যৰ সৈতে নানা বিষয়ৰ ওপৰত বিস্তৃত হৈ আছে। খেতি বুলি কলেই প্ৰথমতে বতৰৰ কথাই আহে। বতৰৰ সম্পৰ্কে প্ৰচলিত দুটামান ডাকৰ বচন এনে ধৰণৰ- যদি বৰষে আহিন-কাতি। সোণ পৰে ৰাতি ৰাতি। যদি বৰষে আঘোণ, পুহ। ধান গুচি হয় তুঁহ। যদি বৰষে মাঘৰ শেষ। ধন্...
Comments