Posts

আহোম ৰাজত্ব

আহোম ৰাজত্ব প্ৰধান প্ৰবন্ধ:  আহোম ,  আহোম সাম্ৰাজ্য , আৰু  আহোম ৰাজবংশ ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মাওলাং ৰাজ্যৰ ৰাজকোঁৱৰ  চুকাফা ৰ নেতৃত্বত এটি দল পাটকাইত উপস্থিত হয়হি৷ প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায় ৷ লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি৷ তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰি শিৱসাগৰ  জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে৷ ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা  আহোম সাম্ৰাজ্য ৰ ভেটি প্ৰতিষ্ঠা কৰে ৷ ১২৬৮ চনত চুকাফাৰ মৃত্যু হয় ৷ চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ  আহোম  ৰাজ্য  দিখৌ  নৈৰ পৰা  নামদাং নৈলৈকে সম্প্ৰসাৰিত কৰে ৷ চুচেওফাৰ পাছত ক্ৰমে চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৮) আৰু চুতুফা (১৩৬৪-১৩৭৬) আহোম ৰাজপাটত বহে৷ চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈকে ৰজা হ'বৰ বাবে কোনো উপযুক্ত ৰাজকোঁৱৰ আহোম ৰাজ পৰিয়ালত নথকাৰ বাবে আহোম ৰাজ্যত মন্ত্ৰী-শাসন চলিছিল ৷ কিন্তু ক্ৰমে ক্ৰমে ৰাজ্যত

অসমৰ কৃষি আৰু ডাকৰ বচন

অসমৰ কৃষি আৰু ডাকৰ বচন আধুনিক কৃষি ব্যৱস্থা, কাৰিকৰী কৌশল আদিৰ প্ৰসাৰ আৰু প্ৰচলনৰ বাবে উপলব্ধ ্‌সা-সুবিধাসমূহ অবিহনে, অতীজত মুখে মুখে চলি অহা নীতি বাক্য স্বৰুপ ডাকৰ বচন আৰু নানা ফকৰা যোজনা জাতীয় প্ৰবাদ আদিৰ দ্বাৰাই কৃষি কাৰ্য পৰিচালিত হৈছিল। এনে প্ৰবাদসমূহৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বাবে এইবোৰৰ প্ৰয়োগ আৰু প্ৰসাৰ বৰ্তমানেও প্ৰয়োজনীয়। খেতিয়কক কৃষি কৌশল আদি বোধগম্য হোৱাকৈ বুজাবলৈ ডাকৰ বচন, ফকৰা যোজনা আদিৰ সহায় ললে ‘কৃষি সম্প্ৰসাৰণ’ ব্যৱস্থা বেছি ফলপ্ৰসূ হ’ব বুলি বিশ্বাস হয়। কৃষি ভিত্তিক ডাকৰ বচনবোৰ ফঁহিয়াই চালে দেখা যায় যে, এইবোৰত যথেষ্ট বিজ্ঞাবসন্মত তথ্য সন্নিবিষ্ট হৈ আছে। অসমত ডাকৰ জন্মস্থান বৰপেটাৰ দক্ষিণে লোহিতডঙৰা গাঁওতেই ডাকৰ জন্ম হোৱা বুলি কয়- লোহিতডঙৰা ডাকৰ গাঁও। তিনিশ ষাঠি পুখুৰীৰ নাও। অসমত প্ৰচলিত কৃষি বিষয়ক ডাকৰ বচনবোৰ কৃষি-কাৰ্যৰ সৈতে নানা বিষয়ৰ ওপৰত বিস্তৃত হৈ আছে। খেতি বুলি কলেই প্ৰথমতে বতৰৰ কথাই আহে। বতৰৰ সম্পৰ্কে প্ৰচলিত দুটামান ডাকৰ বচন এনে ধৰণৰ- যদি বৰষে আহিন-কাতি। সোণ পৰে ৰাতি ৰাতি। যদি বৰষে আঘোণ, পুহ। ধান গুচি হয় তুঁহ। যদি বৰষে মাঘৰ শেষ। ধন্

ফকৰা-যোজনা

ফকৰা-যোজনা  অমাতৰ   মাত ,  আকালৰ   ভাত   । অতিৰ   লগত   যতি   মৰে , উলুৰ   লগত   বগৰি   পোৰে । অচিন   কাঠৰ   থোৰাকো   নলগাবা , অচিন   লোকক   থাকিবলৈ   নিদিবা   । অতিপাত   শলাগণী   ফুচুলনিৰ   চিন , আপুনি   আঁতৰি   যাবা   কৰি   তাক   ঘিণ । আছে   দান   দিয়া ,  নাই   সমিধান   দিয়া   । আইৰ   ঘৰলৈ   যাম   দুহাতে   খাম ,  বিধিয়ে   বোলে   মই   পিছে   পিছে   যাম   । আজি   নগদ   কালি   বাকী ,  কেতিয়াও   নাহে   সেই   কালি   । আদাক   দেখি   উঠিল   গা ,  কেঁতুৰিয়ে   বোলে   মোকো   খা   । আপুনি   নঙঠা   হৈ   জগতক   বৰ   দিয়া , নিজে   ভিক্ষা   কৰি   জগতক   বিলোৱা   । আপোন   ভালেই   জগত   ভাল   । আহক   বাৰিষা   কাটক   পাত ,  ৰৈ   যা   ভিনিহি   খাই   যা   ভাত   । আপোন   ভালেই   জগত   ভাল   । আঁহ   লুকাব ,  বাঁহ   লুকাব ,  গালৰ   সোতোৰা   কত   লুকাব আজি   নগদ   কালি   বাকী ,  কেতিয়াও   নাহে   সেই   কালি   । আদাক   দেখি   উঠিল   গা ,  কেঁতুৰিয়ে   বোলে   মোকো   খা   । আই   আছে   যদি   খাই   যা ,  আই   নাই   যদি   চাই   যা   । আই