ফকৰা-যোজনা
ফকৰা-যোজনা
অমাতৰ মাত, আকালৰ ভাত ।
যাৰ যি পৰকতি আছে মৰিলেও লগতে যায় ।।
জীৰ নাতি জপনা কটি,
পোৰ নাতি ধৰে আঁতি ।
যিবা তুলি দিলো চালত , গুটি নধৰে ডালত ।
অতিৰ লগত যতি মৰে,
উলুৰ লগত বগৰি পোৰে।
অচিন কাঠৰ থোৰাকো নলগাবা,
অচিন লোকক থাকিবলৈ নিদিবা ।
অতিপাত শলাগণী ফুচুলনিৰ চিন,
আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।
আছে দান দিয়া, নাই সমিধান দিয়া ।
আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে যাম ।
আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।
আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।
আপুনি নঙঠা হৈ জগতক বৰ দিয়া,
নিজে ভিক্ষা কৰি জগতক বিলোৱা ।
আপোন ভালেই জগত ভাল ।
আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ।
আপোন ভালেই জগত ভাল ।
আঁহ লুকাব, বাঁহ লুকাব, গালৰ সোতোৰা কত লুকাব
আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।
আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।
আই আছে যদি খাই যা, আই নাই যদি চাই যা ।
আই সমান হব কোন , নৈ সমান বব কোন ?
আইলৈ যিহাত বাইলৈকো সেয়ে হাত ।
আঁকালৰ ভাত , নিদানৰ মাত ।
আঁকালো নাই , ভড়ালো নাই ।
আগফালে মাৰো ডাং , পাচ ফালে ধোবাং বাং ।
আঞ্জাত নেখায় লোণ,
পিটিকাত যায় তিনি গুণ ।
আছে কাপোৰ আছে জাৰ,
নাই কাপোৰ নাই জাৰ ।
আঁকালৰ ভাত , নিদানৰ মাত ।
ইকালত দুখ যাৰ, পৰকালত সুখ তাৰ
ইয়াত মাৰিলে টিপা , গড়গাওঁ পালেগৈ শিপা ।
এলেকৰ পেলেক, কুকুৰ চোৱাৰ ভাগিনীয়েক ।
এঘৰৰ পাট নাদ, এঘৰৰ জৰী এঘৰে পানী তোলে ঘটংমটং কৰি।
এখন তাল নেবাজে ।
এশ গৰু মাৰিলে বাঘৰো মৰণ ।
এনেয়ে বুঢ়ী নাচনী , তাতে নাতিনিয়েকৰ বিয়া ।
উদে ধৰে , কুৰুৱাই খায় ।
অমুকাৰ ডিঙিৰ কাঁইট এৰাই যায় ।।
উলুৰ লগত বগৰী পোৰা ।
উদক ভেঁটা ৰখীয়া পতা ।
উদক ভেঁটা , চোৰক ঘৰ , যি ৰখীয়া পাতে সি মৰ ।
উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰে ।
উৰহে কামোৰে ৰাতি , খঙত মাৰ খায় পাটি ।
উপকাৰীক অজগৰে খায় ।
কথা বুলিলেই বতাহ ।
কলিয়াবৰত পৈয়েক মৰিল, ঢেঁকী দিওতে মনত পৰিল ।
কোন কপালত সাধিম, পোৰ বিয়া পাতিম ?
কথাতকথাবাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰঘৰতজীয়াৰীবাঢ়ে, পথাৰতবাঢ়েধান।।
কথাতেই কটা যায়, কথাতেই বঁটা পায় ।।
কাকনো বুলিম ককা, আটাইৰে ডাঢ়ি চুলি পকা ।
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।
কুকুৰৰ নেজ দীঘল হয় , নিজে পাৰি বহিব ।
খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।
খাবলৈ পালে মোৰ ডোম, খাবলৈ নেপালে চোৰ ডোম ।
খালত পৰা হাতীক শিয়ালে নেজ দেখুৱায় ।
খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়ে পীৰা।
খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।
খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।
খাবলৈ নেপালো জহা ধানৰ ভাত , শুনিবলৈ নেপালো অমাতৰ মাত ।
খেতি কৰিবা বাওৱে , বণিজ কৰিবা নাৱে ।
গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া ।
গৰু আনিবা ৰিংটোৰ , ছোৱালী আনিবা দিনটোৰ ।
গৰু কিনিবা দীঘল নেজা , মৈত উঠিলে নহয় কুঁজা ।
গৰু চাবা গধূলী , ৰোৱা চাবা পুৱা । জকাই বাওঁতে ছোৱালী চাবা , কোন কেনেকুৱা ।।
গাঁও পালে মাগিবা , নৈ পালে হাগিবা ।
গো চিনিবা নেজে, পো চিনিবা বিবাহৰ পৰে ।
গোৰ মাৰি গঙ্গাত পেলোৱা ।
গাত নাই চাল-বাকলি ,
মদ খাই তিনি টেকেলি ।
গেলা ঘাত চেঙ্গা তেল ঢলা ।
ঘৰৰ কথা নকবি পৰক, ক’লে হয় লৰক-ফৰক ।
ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নুসুধি সুধিম কাক ?
ঘৰত মিল নাই ইটিৰ সিটিৰ, সি কি পাতিব আনত মিতিৰ ।
ঘনকৈ খুটিয়ালে শিঙৰাও মাছ ।
ঘঁহি থাকিলে শিলো ক্ষয় যায় ।
ঘোঁৰা চাই ঘোঁৰী, বিধাতাই থৈছে জুৰি ।
ঘৈণীয়ে ঘৰ, ঘৈণী নহলে ঘৰ লৰফৰ ।
চৰণেহে জানে মৰণৰ ঠাই ।
চল চাই চাপৰি বজোৱা ।
চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা ।
চকা বহিল পাটত , গিৰিহঁতনী উঠিল খাটত ।
চাপি আহ চুমা খাঁও , পেট ডাঙৰ ঢুকি নেপাঁও ।
চোৰে নেৰে চোৰ পৰকতি , কুকুৰে নেৰে ছাই ।
যাৰ যি পৰকতি আছে মৰিলেও লগতে যায় ।।
চুকতে থাকি বুকতে কামোৰা ।
ছয় পো ছয় নাতি , তেহে কৰিবা কুঁহিয়াৰ খেতি ।
ছাগৰ যিমান ভয় , বাঘৰো সিমান ভয়।
ছাগলীয়ে নেখায় কি, পাগলে নকয় কি ?
ছোৱালী আনিবা মাক ভাল,
মাটি কিনিবা মাজ খাল ।
জলা জুইত ঘিউ ঢলা ।
জনাৰ ভাত-মাছ , নজনাৰ গলগ্রহ ।
জীৱন মৰণ গমন বাণী ,
ই চাৰি কথা ডাকেও নেজানি ।জীৰ নাতি জপনা কটি,
পোৰ নাতি ধৰে আঁতি ।
জী ভালেই জোৱাই ভাল , আপোন ভালেই জগত ভাল ।
জীক দিলো জোৱাইৰ বুকুত , পোক দিলো বোৱাৰী বুকুত ।
টান পালে কৰে কাতৰ , ঢিলা পালে হয় আঁতৰ ।
টোপনি চিকুণ পুৱা, মাছৰ চিকুণ মোৱা, কটাৰিৰ চিকুণ গোৱা ।
টেঙা আম এবাৰহে বেচিবা ।
টেঙাৰ সোৱাদ ঔ , মাতৰ সোৱাদ বৌ ।
ঠেক মন যাৰ ,
সমাজত ঠাই নাই তাৰ ।
ঢিলা পালেহে ঠিলা মাৰে ।
তেজ ধুলে উটে , মঙহ ধুলে নুটে ।
তালুত নাই চুলি তাকে বোলে তপা ।
কথাৰ ঠিক নাই তাকে বোলে লপা ।।
তিতা ও তিতা নেমু টেঙাৰ পাত,
তাতকৈ তিতা মাহী আই মাত ।
দহ দেশ ফুৰে যি , দহ কথা শিকে সি ।
দহে মিলি কৰা কাজ , হাৰা জিকা নাই লাজ ।
দহো আঙুলিয়ে খায়, বুঢ়াই হেচুকিলেহে যায় ।
দিন ভিক্ষা প্রাণ ৰক্ষা ।
দেহা থাকিলে বেহা , দেহা নহলে কিহৰ বেহা ।
দায় নাই দেৱলীয়া , তিৰী নাই কেৱলীয়া ।
দিন পৰিছে খালত , লাউ কোমোৰা নুঠে চালত ,
দেখাক দেখি কুকুৰেও কৰে একাদশী ।
দিব থব পাৰিলে ভাই ভনী , দিব নোৱাৰিলে কেৰোকাণি ।
ধন দিলে ধোবা , মেখেলাকো কোবা ।
ধন লবা লেখি , ধান লবা জুখি ।
ধাৰে কাটিলেও কটা , গদিৰে কাটিলেও কটা ।
ধান কাটিবা মুঠি মুঠি , খেৰ কাটিবা তিনি মুঠি ।
ধান পকে মানে টুনিৰ মৰণ ।
ধান পুৰীয়া কঁঠাল পাতৰ তলতে লুকায় ।
ন চহকীৰ ধন , ধাৰে নিলেই মৰণ ।
নকলে বোপায়ে চুৱাতে খায়, কলে আয়ে কিল খায় ।
নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ৰাইজৰ দোষ ।
নল মৰে গজালি উঠে ।
নাৰীৰ ষোল কলা পুৰুষে কি পাব তলা নলা ।
নাৰিকল ৰুবা পাতে পাতে , লাগে নেলাগে নেলাগে লাগে ।
নাকটো কাটিলে লাজ নেলাগে, নখটো কাটিলে মৰে ।।
নাই বুলিয়েও নেৰে , কুঁহিয়াৰ পেৰাদি পেৰে ।
নাখাওঁ শালি ধানৰ ভাত , বোকাতো নিদিওঁ হাত ।
নাই পো-মুখে,নাই পো গোফে ।
নাই পো লনি , নাই পো ধনী ।।
নাই ৰঙামাটি , নাই গুৱাহাটী ।
নাও বুৰিলেও টিঙৰ পৰা ননমা ।
নানা দেশ ফুৰে যি, নানা কথা শিকে সি ।
নাহাঁহিবা মোক , সোঁচৰিব তোক ।
নাগিনীয়ে ল’ৰা পালে, নগাই জাল খালে ।
নিলাজৰ লাজ নাই , কেকোঁৰাৰ মূৰ নাই ।
নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।
নেৰিবা আদি মূল , নেৰিবা জাতি কুল , নেৰিবা বোলা বচন ।
পৰত আশ , বনত বাস ।
পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা ।
পতিৰ চৰণত থাকে মতি , তেনে নাৰীক হে বোলে সতী ।
পাপৰ ধন পৰাচিতত যায় ।
পিতৃ অবিহনে সংসাৰৰ পৰে ভাৰ ,
মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ ।
পেহীয়ে মাহীয়ে ভৰি আছে গাঁও ,
আই নাইকিয়া , লঘোনে যাওঁ ।
পোলৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।
পৈয়েকে বুলিলে কাজী ,
ভাল লাগিছে আজি ।
ফটা বাঁহ জোৰা নেলাগে ।
বনৰ বাঘে নেখালেও মনৰ বাঘে খায় ।
বৰৰ দায় পিছলি যায় , সৰুৰ দায় খুচৰি খায় ।
বলদ কিনা বাই, গাই কিনা খীৰাই ।
বগা ভাত দেখিলে কলা কাউৰীৰ অভাৱ নাই ।
বাঘে-ঘোঙে লগে চৰে, কাকো পালে কেৱে নেৰে ।
বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ ।
বাজিব লাজে টেমি-কটাৰী, বাজিছে হাঁচটি ।
বামুণ,গণক,কোৱা,এই তিনি পৰৰ খোৱা ।
বেজীৰ জলাকে মনে,কুঠাৰ জলাকো নমনে ।
বাচি খাবা , জাগি শুবা ।
বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায় ।
বহিব জানিলে মাটিয়েই পিৰা , খাব জানিলে চাউলেই চিৰা ।
বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী ।
বাছি খাবা , জাগি শুবা ।
বুঢ়াৰ কথা নুশুন একা , টানত পৰি কিয় কেঁকা ।
বেঙেনা গছত হাকুটি লগোৱা ।
বুঢ়া শালিকাই কি মাত লব ?
বুঢ়ীৰ কি বন আছে , চাউলত ধান পেলাই বাচে।
ভকত পৰিল খালত, কুকুৰে কামোৰে গালত
ভাত খাই উঠি খাই তিনি শিলিখা
তাৰ নাই ৰোগ টিলিকা ।
ভুকা কুকুৰে কামুৰিব নোৱাৰে ।
ভিতৰে ৰং চং বাহিৰে কোৱা ভাতুৰী ।
ভিতৰে গৰল, বাহিৰে সৰল ।
ভাজনৰ ভোজন,অভাজনৰ গলগ্রহ ।
ভীমক মানিলে গদাকো মানিব লাগে ।
ভুকুতে কল নপকে ।
ভোকৰ সমান ব্যাধি নাই,ভাতৰ সমান ঔষধ নাই ।
ভোকত ভাত , পিয়াহত পানী,তাকে নেখালে বল হয় হানি ।
ভোজৰ আগমেলৰ পাছ ।
মন কৰিলেই চন, বাকৰি মাটিতে ধন।
মাছ বুলি নেখায়,জি-জি বুলি খায় ।
মাকে শলাগে জী বাপেকে শলাগে জী ।
আনে শলাগিব যাক,সেয়ে মাকৰ জী ।।
মাকে নেজানে তাঁতৰ বিহা,জীয়েকৰ গাত ফুলাম ৰিহা ।
যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া ।
যাৰ নাই ধান , তাৰ নাই মান।
যাৰ নাই ধন , তাৰ কি মন।
যাৰ খাবা লোণ , তাৰ গাবা গুণ ।
ৰজা হয় ভিক্ষাৰী, হাতে লয় টোকাৰী ।
ৰজা নাই পাটত, লোকে কিলায় বাটত ।
ৰজা হলে এখন কাণ কলা, এটা চকু কণা ।
ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল ।
ৰাইজে নখ জোকাৰিলে নৈ বয় ।
ৰৌ-বৰালী সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল ।
ল‘ৰাই পানী পেলায় বৰে পিছলি পৰে ।
লাজত নবয় ভাৰ, জোলোঙাই ভাঙে কামিহাড় ।
লাই পালে কুকুৰে গললৈকে জপিয়ায় ।
লোভেই পাপ , পাপেই মৃত্যৃ ।
লুইতেহে জানে বঠা কিমানলৈ বহে ।
শাহুৱে গৰকা বোৱাৰী বাবা,মাছে গৰকা পাচলি খাবা ।
শাহু থাকে মানে জোৱাই, আই থাকে মানে মোমাই ।
শুই থকা শিয়ালে হাহঁ ধৰিব নোৱাৰে ।
সময়ৰ এক শৰ , অসময়ৰ দহ ।
সত্যৰ সদায় জয় ।
সতিনী মৰিল ভালেই হ’ল,
দুয়োখন মেখেলা মোৰেই হ’ল ।
সমানে সমানে কৰিবা কাজ ,হাৰিলে জিকিলে নাই লাজ ।
সাত পুৰুষত নাই গাই , কঁৰীয়া লৈ খীৰাবলৈ যায় ।
সাৱধানৰ মৰণ নাই, সজাগৰ বিপদ নাই ।
সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু ।
কথা চহকীয়ে কথা চিনে , হাহেঁ চিনে কেচুঁ ।
হলা-গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে ।
হবৰ দিনত কুকুৰেও মৈ টানে ।
হাতত নাই ধন, বৰ সবাহলৈ মন ।
হৰিণাৰ মাংসই বৈৰী ।
হাবিৰ জুই দেখি , মনৰ জুই নেদেখি ।
হাহঁ চোৰৰ মূৰত পাখি , কঁঠাল চোৰৰ এঠাই সাক্ষী ।
হাল বায় ৰাতিৰে পৰা , ভাতে নাটে কাতিৰে পৰা ।
হাতীৰ গা হাতীয়ে নেদেখে ।
হাতীয়ে মাউতে যায় তল, শহাই সুধিছে কিমান জল ।
হাতী চুৰ কৰি নিয়ে, বেঙেনা চোৰক ধৰে ।
হাতী ঘোঁৰাই নাপায় থাউনি, ভেৰাই সোধে কিমাননো পানী ।
হাতী শুৱনি দাঁতে, তিৰোতা শুৱনি মাতে ।
হাতীৰ খাৱনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা ।
হেজাৰ লাউ ডাঙৰ হওক, পাতৰ হে তলত ।
হাতে নেমাৰি, ভাতে মৰা ।
হওক নহওক ৰোৱনী, পথাৰ খন শুৱনী ।
হলা-গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে ।
http://theaxomiya.blogspot.in/p/blog-page.html
Comments