আহোম ৰাজত্ব
আহোম ৰাজত্ব
ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মাওলাং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল পাটকাইত উপস্থিত হয়হি৷ প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায় ৷ লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি৷ তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰিশিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে৷ ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে ৷ ১২৬৮ চনত চুকাফাৰ মৃত্যু হয় ৷ চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ আহোম ৰাজ্য দিখৌ নৈৰ পৰা নামদাংনৈলৈকে সম্প্ৰসাৰিত কৰে ৷
চুচেওফাৰ পাছত ক্ৰমে চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৮) আৰু চুতুফা (১৩৬৪-১৩৭৬) আহোম ৰাজপাটত বহে৷ চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈকে ৰজা হ'বৰ বাবে কোনো উপযুক্ত ৰাজকোঁৱৰ আহোম ৰাজ পৰিয়ালত নথকাৰ বাবে আহোম ৰাজ্যত মন্ত্ৰী-শাসন চলিছিল ৷ কিন্তু ক্ৰমে ক্ৰমে ৰাজ্যত বিশৃংখলতা বাঢ়ি অহাত মন্ত্ৰীসকলে চুখ্ৰাংফাৰ সৰু ভায়েক তাওখামটিক (১৩৮০-১৩৮৯) ৰজা পাতে ৷ ১৩৮৯ চনত তাওখামটিৰ মৃত্যু হয় ৷ ১৩৮৯ চনৰ পৰা ১৩৯৭ চনলৈ পুনৰ মন্ত্ৰী-শাসন চলে৷ ইয়াৰ পিছত তাওখামটিৰ পুত্ৰ চুদাংফা (১৩৯৭-১৪০৭) আহোম ৰাজপাটত বহে ৷ এওক অসম বুৰঞ্জীত বামুণী কোঁৱৰ নমেৰে জনা যায়৷ ইয়াৰ পিছত ক্ৰমে চুজাংফা (১৪০৭-১৪২২), চুফাফ্ফা (১৪২২-১৪৩৯), চুচেনফা (১৪৩৯-১৪৮৮), চুহানফা (১৪৮৮-১৪৯৩), চুপিম্ফা (১৪৯৩-১৪৯৭) আহোম ৰাজপাটত বহে৷
চুপিম্ফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুহুংমুখ (১৪৯৭-১৫৩৯) সিংহাসনত বহে৷ এওঁৰ দিনত আহোম সাম্ৰাজ্যৰ বহুটো পৰিৱৰ্তন হয় ৷ ইয়াৰ পিছত তেওঁৰ বৰপুত্ৰ চুক্লেংমুং (১৫৩৯-১৫৫২) ৰজা হয়৷ ৰজা হৈ এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে ৷ এইজন ৰজাই গড়গাঁও পুখুৰী খন্দায় আৰু নগা আলি বন্ধোৱায় ৷ ইয়াৰ পিছত তেওঁৰ পুত্ৰ চুখামফা (১৫৫২-১৬০৩) ৰজা হয় ৷ তাৰ পিছত ক্ৰমে তেওঁৰ পুত্ৰ চুচেনফা (১৬০৩-১৬৪১) ৰজা হয় ৷ ৰজা হৈয়ে তেওঁ হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰে৷ তেওঁৰ দিনত আহোম আৰু মোগলৰ মাজত কেইবাবাৰো ৰণ হয় ৷ প্ৰতাপ সিংহৰ দিনতে অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ মোমাই তামুলী বৰবৰুৱা প্ৰথম বৰবৰুৱা হয় ৷ লগতে পাইক প্ৰথাৰ সৃষ্টি, হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰে ৷ ৰাজনৈতিক বিচক্ষণতা আৰু সাংগঠনিক পাৰদৰ্শিতাৰ বাবে প্ৰতাপ সিংহই বুদ্ধি স্বৰ্গনাৰায়ণ নাম পাইছিল ৷
প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত চুৰামফা (১৬৪১-১৬৪৩), চুটিনফা (১৬৪৪-১৬৪৮) ৰজা হয় ৷ চুটিনফাৰ পিছত তেওঁৰ পুত্ৰ চুতামলাই জয়ধ্বজ সিংহ নাম লৈ ১৬৪৮ চনত সিংহাসনত বহে৷ জয়ধ্বজ সিংহই পূৰ্বৰ সীমা অতিক্ৰম কৰি আহোম সাম্ৰাজ্যৰ বিস্তাৰ কৰাৰ লগতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে ৷ ইয়াৰ পিছত চুপুংমুং ওৰফে চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯) ৰজা হয় ৷ স্বাধীনতাপ্ৰিয় চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ সহায়ত মোগলৰ লগত যুঁজ দিয়ে আৰু মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে ৷ ঐতিহাসিক শৰাইঘাটৰ যুঁজত চক্ৰধ্বজ সিংহৰ হাতত মোগলৰ পৰাজয় হয় ৷
শৰাইঘাটৰ যুদ্ধৰ পাছতে আহোম সাম্ৰাজ্যৰ মাজত অন্তৰ্বিপ্লৱৰ আৰম্ভ হয় ৷ চক্ৰধ্বজ সিংহৰ পিছত ক্ষমতা লাভৰ বাবে ৰাজকোঁৱৰক অংগক্ষত কৰাৰ দৰে ঘ্টনা ঘটিছিল ৷ কাৰণ আহোম নিয়ম অনুসৰি কোনো অংগক্ষত থকা ৰাজকোঁৱৰ সিংহাসনত বহিব নোৱাৰিছিল ৷ চক্ৰধ্বজ সিংহৰ পাছত ৰজা হোৱা চুটিনফা বা উদয়াদিত্যক ষড়যন্ত্ৰ কৰি হত্যা কৰি তেওঁৰ ভাতৃ চুক্লংফা বা ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) ৰাজপাটত বহে ৷ ইয়াৰ পিছত আহোম সাম্ৰাজ্যত অনেক বাৰ ৰজা ভঙা-পতা কৰা হয় ৷ অৱশ্যে সেই সময়ত শাসনভাৰ পৰিচালনা কৰিছিল আতন বুঢ়াগোহাঁইয়ে ৷ কিন্তু লালুকসোলা বৰফুকনে আতন বুঢ়াগোহাঁইক হত্যা কৰি নিচেই কম বয়সীয়া ৰাজকোঁৱৰ ৰত্নধ্বজ সিংহক (১৬৭৯-১৬৮১) ৰজা পাতে ৷ নিচেই কম বয়সীয়া হোৱা বাবে তেওঁক 'ল'ৰা ৰজা' বুলিছিল ৷
লালোকসোলা বৰফুকন এই সময়তে উঠি-ৰজা বহি-ৰজা হয় আৰু ৰজা হ'ব পৰা সকলো ফৈদৰ ৰাজকোঁৱৰক অংগক্ষত কৰে ৷ কিন্তু তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰিবলৈ সক্ষম হয় ৷ লালোকসোলাৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰে গা-ৰখীয়া ভোটাই ডেকাই ১৬৮০ চনত তেওঁক হত্যা কৰে ৷ ইয়াৰ পিছৰ গদাপাণি আহোম ৰাজপাটত উঠে৷ সিংহাসনত উঠি আহোম মতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ (১৬৮১-১৬৯৬) নাম লয়৷ তেওঁ ১৬৯৪ চনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সাজিছিল৷ নানান প্ৰজাহিতকৰ কাম কৰাৰ উপৰিও ধোদৰ আলি বন্ধোৱাইছিল আৰু মাটিৰ জৰীপ কৰিছিল ৷
তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ লাই ৰজা হয় ৷ আহোম নাম চুখ্ৰামফা আৰু হিন্দু নাম ৰুদ্ৰ সিংহ (১৬৯৬-১৭১৪) গ্ৰহণ কৰে৷ তেওঁ আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ নৃপতি বুলিব পাৰি৷ তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতে৷ তদুপৰিজয়মতিৰ পবিত্ৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী, ৰংপুৰত ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, মেটেকাৰ আলি আদি নিৰ্মান কৰে৷ ইয়াৰ লগতে তেওঁ বিভিন্ন পদবীৰো সৃষ্টি কৰে৷ মৃত্যৰ সময়ত ৰুদ্ৰ সিংহই তেওঁৰ পাঁচজন পুত্ৰক এজন এজনকৈ ৰজা হ'বলৈ আজ্ঞা দি গৈছিল৷ সেইমতে শিৱ সিংহ (১৭১৪-১৭৪৪), প্ৰমত্ত সিংহ (১৭৪৪-১৭৫১), ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯), লক্ষ্মী সিংহ (১৭৬৯-১৭৮০) আহোম ৰাজপাটত বহে৷ ইয়াৰ পিছত লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) ৰজা হয়৷ গৌৰিনাথ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণচন্দ্ৰ বুঢ়াগোহাঁয়ে গদাধৰ সিংহৰ বংশধৰ কিনাৰাম নামৰ এজনক কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) নাম দি ৰজা পাতে৷ এই সময়তে কামৰূপক স্বাধীন কৰাৰ কাৰণে বীৰদত্ত, হৰদত্ত নামে দুজন ভাই-ককায়ে বিদ্ৰোহ আৰম্ভ কৰে৷ ইয়াক দন্দুৱা দ্ৰোহ বোলা হয়৷
কমলেশ্বৰ সিংহৰ পাছত চন্দ্ৰকান্ত সিংহ (১৮১১-১৮১৮) ৰাজপাটত বহে৷ তেওঁৰ দিনতে বাল্যবন্ধু সতৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰ ধৰা পৰে৷ এই কামত বদনচন্দ্ৰ বৰফুকনৰ সহযোগ থকাৰ অনুমান কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ধৰি আনিবলৈ পঠিয়াই আৰু বদনচন্দ্ৰ বৰফুকনে পলাই গৈ ১৮১৬ চনৰ শেষৰ ফালে মানৰ সহযোগত অসম আক্ৰমণ কৰে৷ এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়৷ মানে অসম আক্ৰমণ কৰি প্ৰথম বাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে৷ ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে৷ ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয়৷ ইংৰাজে এই যুঁজত জয়লাভ কৰে৷ অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায়৷ ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে৷[6]
as.wikipedia.org
Comments