Mitha Mitha Aaji Xapunate. Film: Hiya Diya Niya Get link Facebook X Pinterest Email Other Apps May 24, 2008 Hiya Diya Nia----Mitha mitha hopunore Get link Facebook X Pinterest Email Other Apps Comments
আহোম ৰাজত্ব February 28, 2016 আহোম ৰাজত্ব প্ৰধান প্ৰবন্ধ: আহোম , আহোম সাম্ৰাজ্য , আৰু আহোম ৰাজবংশ ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মাওলাং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফা ৰ নেতৃত্বত এটি দল পাটকাইত উপস্থিত হয়হি৷ প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায় ৷ লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি৷ তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে৷ ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্য ৰ ভেটি প্ৰতিষ্ঠা কৰে ৷ ১২৬৮ চনত চুকাফাৰ মৃত্যু হয় ৷ চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ আহোম ৰাজ্য দিখৌ নৈৰ পৰা নামদাং নৈলৈকে সম্প্ৰসাৰিত কৰে ৷ চুচেওফাৰ পাছত ক্ৰমে চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৮) আৰু চুতুফা (১৩৬৪-১৩৭৬) আহোম ৰাজপাটত বহে৷ চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈকে ৰজা হ'বৰ বাবে কোনো উপযুক্ত ৰাজকোঁৱৰ আহোম ৰাজ পৰিয়ালত নথকাৰ বাবে আহোম ৰাজ্যত মন্ত্ৰী-শাসন চলিছিল ৷ কিন্তু ক্ৰমে ক্ৰমে ৰাজ্যত Read more
ফকৰা-যোজনা February 28, 2016 ফকৰা-যোজনা অমাতৰ মাত , আকালৰ ভাত । অতিৰ লগত যতি মৰে , উলুৰ লগত বগৰি পোৰে । অচিন কাঠৰ থোৰাকো নলগাবা , অচিন লোকক থাকিবলৈ নিদিবা । অতিপাত শলাগণী ফুচুলনিৰ চিন , আপুনি আঁতৰি যাবা কৰি তাক ঘিণ । আছে দান দিয়া , নাই সমিধান দিয়া । আইৰ ঘৰলৈ যাম দুহাতে খাম , বিধিয়ে বোলে মই পিছে পিছে যাম । আজি নগদ কালি বাকী , কেতিয়াও নাহে সেই কালি । আদাক দেখি উঠিল গা , কেঁতুৰিয়ে বোলে মোকো খা । আপুনি নঙঠা হৈ জগতক বৰ দিয়া , নিজে ভিক্ষা কৰি জগতক বিলোৱা । আপোন ভালেই জগত ভাল । আহক বাৰিষা কাটক পাত , ৰৈ যা ভিনিহি খাই যা ভাত । আপোন ভালেই জগত ভাল । আঁহ লুকাব , বাঁহ লুকাব , গালৰ সোতোৰা কত লুকাব আজি নগদ কালি বাকী , কেতিয়াও নাহে সেই কালি । আদাক দেখি উঠিল গা , কেঁতুৰিয়ে বোলে মোকো খা । আই আছে যদি খাই যা , আই নাই যদি চাই যা । আই Read more
Comments