ফকৰা-যোজনা অমাতৰ মাত , আকালৰ ভাত । অতিৰ লগত যতি মৰে , উলুৰ লগত বগৰি পোৰে । অচিন কাঠৰ থোৰাকো নলগাবা , অচিন লোকক থাকিবলৈ নিদিবা । অতিপাত শলাগণী ফুচুলনিৰ চিন , আপুনি আঁতৰি যাবা কৰি তাক ঘিণ । আছে দান দিয়া , নাই সমিধান দিয়া । আইৰ ঘৰলৈ যাম দুহাতে খাম , বিধিয়ে বোলে মই পিছে পিছে যাম । আজি নগদ কালি বাকী , কেতিয়াও নাহে সেই কালি । আদাক দেখি উঠিল গা , কেঁতুৰিয়ে বোলে মোকো খা । আপুনি নঙঠা হৈ জগতক বৰ দিয়া , নিজে ভিক্ষা কৰি জগতক বিলোৱা । আপোন ভালেই জগত ভাল । আহক বাৰিষা কাটক পাত , ৰৈ যা ভিনিহি খাই যা ভাত । আপোন ভালেই জগত ভাল । আঁহ লুকাব , বাঁহ লুকাব , গালৰ সোতোৰা কত লুকাব আজি নগদ কালি বাকী , কেতিয়াও নাহে সেই কালি । আদাক দেখি উঠিল গা , কেঁতুৰিয়ে বোলে মোকো খা । আই আছে যদি খাই যা , আই নাই যদি চাই যা । আই
Comments